Psalms 100

ধন্যবাদাৰ্থক গীত।

1হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দধ্বনি কৰা।
2আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা;
আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আঁহা;

3তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ;

তেঁৱেই আমাক নিৰ্ম্মান কৰিলে, আমি তেওঁৰেই;
আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেষ।

4তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা,

তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা;
তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী;
তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
5

Copyright information for AsmULB